২০১৮-১৯ চনৰ কথা ৷ অৰুণাচলৰ নামচাই জিলাৰ কুমচাই তৈলক্ষেত্ৰ অইল ইণ্ডিয়াই ভালেমান বছৰৰ মূৰত পুণৰ্জীৱিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৱৰ্কঅভাৰ কৰা পুৰণি তৈলখাদৰ পৰা খাৰুৱা তেলৰ উৎপাদন আৰম্ভ হৈছেই আৰু নতুনকৈ খনন কৰি থকা আৰু কেইটামান খাদৰ পৰা আহিবলগীয়া তেলেৰে তৈলক্ষেত্ৰখনৰ উৎপাদন অচিৰেই বাঢ়িব ৷ সেই তেল অইল টেঙ্কাৰেৰে (bowser)সদাই ডিগবৈ শোধনাগাৰলৈ কঢ়িয়াই থকাতো সিমান সুবিধাজনক নহয় ; উৎপাদন বঢ়াৰ লগে লগে দ্ৰুতগতিত সৰহ পৰিমানত তেল কুমচাইৰ পৰা শোধনাগাৰলৈ সৰবৰাহ কৰিবলৈ পাইপলাইনৰ ব্যৱস্থা লগিবই ৷ পিছে কুমচাই আৰু অসম-অৰুণাচলৰ সীমাৰ বৰডুমচাৰ মাজেৰে বৈ যোৱা নোৱাদিহিং নদী পাৰ কৰি পাইপলাইন বহুওৱা সহজসাধ্য কাম নহয় ৷ খৰালি বালিচৰৰ মাজেৰে এটা শীৰ্ণ সূঁতিত বৈ থকা নদীখনে বৰষুণৰ দিনত ভয়ানক ৰূপ লয় আৰু এক কিলোমিটাৰমান বহল হৈ যায় ৷ পাহাৰৰ পৰা তীব্ৰগতিত নামি অহা পানীয়ে উটুৱাই আনে প্ৰকাণ্ড প্ৰকাণ্ড গছ আৰু বৃহৎ পৰিমানৰ বালিমাটি আৰু শিল ৷ কোবাল সোঁতত নামি অহা পানী আৰু লগতে উটি অহা গছ, বালি, শিলে সকলো ঢাঁহিমুঁহি উটুৱাই নিয়ে , তাৰ আগত এডাল পাইপলাইন কোনকূটা ৷ অৱশ্যে তেনেকুৱা খৰস্ৰাতা আৰু অতি বহল নদীৰ scouring depth-ৰ তলৰে পাইপলাইন সৰকুৱাই বহুওৱাৰ কাৰিকৰী ব্যৱস্থা আছে কিন্তু তেনে ব্যৱস্থা ব্যয়বহুল আৰু তাৰবাবে নদীখনৰ বিষয়ে বিশদ অধ্যয়নৰ প্ৰয়োজন ৷ তেনে ব্যৱস্থা কাৰ্য্যকৰী কৰিবলৈ যথেষ্ট সময়ো লাগে ৷ তেনে ব্যয়বহুল ব্যৱস্থাৰে কুমচাইত উৎপাদিত তেলৰ বাবে পাইপলাইন এডাল বহুৱালে কেৰেলাতকৈ গুটি দীঘল যেন হোৱাৰ সম্ভাৱনাও নোহোৱা নহয় ৷ কিন্তু পাইপলাইনডাল নবহুৱালেও নহয় তাকো যিমান পৰা যায় কম সময়ত ৷ সেয়ে আমি পাইপলাইনৰ দায়িত্বত থকা দলটোৱে নোৱাদিহিং ক্ৰচিঙৰ বাবে স্থায়ী ব্যৱস্থা নোহোৱালৈকে সদ্যহতে কাম চলাকৈ কিন্তু নদীৰ সোঁতত সহজে ভাগি নপৰা ধৰণৰ পাইপলাইন এডাল বহুৱাবৰ উপাই এটা ভাবি-চিন্তি উলিয়ালোঁ আৰু সেইমতেই বাৰিষাৰ আগতেই কামত হাত দিলোঁ ৷ কিন্তু হুৰমূৰকৈ অহা আবতৰীয়া বৰষুণ একোজাকে কামৰ অগ্ৰগতিত বিধি-পথালি দিবলৈ ধৰিলে ৷
কামৰ ঠাইলৈ অহা-যোৱা কৰি থাকোতে লগ পালোঁ অমিয়ঙক ৷ তেওঁ হ’ল আমাৰ কামৰথলীলৈ যোৱা বাটতে পোৱা নোৱাদিহিঙৰ দক্ষিণ দিশত নদীৰ পৰা নাতিদূৰৰ চিংফৌ গাঁওখনৰ নেতৃস্থানীয় ব্যক্তি ৷ তেওঁ বহু আগৰে পৰা সেই অঞ্চলত অইল ইণ্ডিয়াৰ কামকাজত সহায় কৰি আহিছে ৷ সেইবাৰ আমাৰ পাইপলাইনৰ নোৱাদিহিঙ ক্ৰচিঙৰ বাবেও আমি তেওঁৰ সহায় ল’লোঁ – বিশেষকৈ স্থানীয়া বনুৱাৰ যোগাৰ, সময়মতে বতৰৰ বতৰা যোগান, প্ৰয়োজনমতে নাৱৰ ব্যৱস্থা কৰা, কামৰথলীত প্ৰয়োজন হ’লে দুপৰীয়াৰ সাঁজৰ ব্যৱস্থা কৰা, স্থানীয় মানুহৰ ওজৰ-আপত্তি মোকাবিলা কৰা, অৰুণাচলৰ চৰকাৰী অফিচত প্ৰয়োজনমতে যোগাযোগৰ ব্যৱস্থা কৰা ইত্যাদি কামত তেওঁ আমাৰ সোঁহাত স্বৰূপ হ’ল ৷ নেতৃস্থানীয় আৰু হাঁহিমুখীয়া কামিলা মানুহ হিচাবে তেওঁ নামচাই জিলাৰ এক বৃহৎ অঞ্চলত অন্যান্য ভালেমান কামত জড়িত থদিও আমাক প্ৰ্য়োজনীয় সহায় কৰাত তেওঁ কোনো কাৰ্পণ্য নকৰিলে ৷
সদাব্যস্ত অমিয়ঙক কামৰ ঠাইত দুদিনমান লগ নেপাই সোধাত ক’লে যে চিংফৌসকলৰ নৱবৰ্ষৰ উৎসৱ SHAPAWNG YAWNG MANAU POI-ৰ ব্যৱস্থাপনাৰ কামৰ সৈতে জড়িত হোৱা বাবে তেওঁ সময় পোৱা নাই ৷ সেইবাৰৰ নৱবৰ্ষৰ উৎসৱ উদ্যাপন হ’ব অৰুণাচলৰ নামচাই জিলাৰ সদৰ নামচাই নগৰত আৰু ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ সৈতে তেওঁ জড়িত ৷ ভাৰতত চিংফৌসকলৰ বসতি মূলতঃ অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ লোহিত, নামচাই আৰু টিৰাপ জিলাত ; SHAPAWNG YAWNG MANAU POI-ৰ মূল উৎসৱ সেয়ে এবাৰ অসমত আৰু এবাৰ অৰুণাচলত পতা হয় ৷ আগৰবাৰ উৎসৱ পতা হৈছিল মাৰ্ঘেৰিটাত আৰু সেয়ে সেইবাৰ আয়োজন নামচাইত ৷ আমাৰ বিহুৰ দৰেই সেই উৎসৱো নানান কাৰ্য্যসূচীৰে তিনিদিনীয়াকৈ আয়োজন কৰা হয় আৰু সেয়ে বাজেটো ডাঙৰ ৷ কিছু খৰচ চৰকাৰী পৃষ্ঠপোষকতাই সামৰি ল’ব যদিও বাকীখিনিৰ জোৰা মৰাৰ বাবে বিষয়ববীয়াসকলে যথেষ্ট মূৰ ঘমাবলগীয়া হৈছে ৷ কিছু অনুদান বিচাৰি উৎসৱ কমিটি অইল ইণ্ডিয়াৰো ওচৰ চাপিল আৰু কোম্পানীৰ জনসম্পৰ্কৰক্ষী বিভাগেও তেওঁলোকক যোগাত্মক সঁহাৰি দিলে ৷ উৎসৱ কমিটিয়ে অইল ইণ্ডিয়াৰ কিছু বিষয়াৰ লগতে আমাৰ পাইপলাইনৰ কামত ব্যস্ত দলটোকো তিনিওদিনৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনালে ৷ তেওঁলোকৰ আগ্ৰহক আমি নেওচা দিব নোৱাৰোঁ কিন্তু তিনিওদিনেই তালৈ যোৱাটোও সম্ভৱ নহয় ; সেয়ে যেনেতেনে এদিন যাবলৈ ঠিক কৰিলোঁ ৷
দিনটো ১৩ ফ্ৰেব্ৰুৱাৰী ২০১৯; উৎসৱৰ মাজৰ দিন ৷ সেইদিনা নোৱাদিহিঙত কামৰ খতিয়ান লৈ নামচাই অভিমুখে গাড়ী পোনালোঁ-- লগত দুজন উৎসাহী, মোতকৈ বয়সত বহু সৰু সহকৰ্মী অভিযন্তা প্ৰাঙ্কুশ আৰু চুকুংতা মনলাই ৷ খামটি ডেকা মনলাইৰ ঘৰ নামচাইৰ পৰা কেইকিলোমিটাৰমান আগলৈ লাথাও গাঁৱত ৷ অমিয়ঙক মোবাইলত জনোৱা হ’ল,-“আমি আহি আছোঁ, পামগৈ আৰু ৷” নামচাইত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোঁহাতে নতুনকৈ বসতি গঢ়ি উঠা অঞ্চল এটাৰ মাজেৰে পোনালোঁ কিছু আঁতৰত পথাৰৰ মাজৰ উৎসৱথলীলৈ ৷ দুজন বিষয়ববীয়াৰ সৈতে অমিয়ং ৰৈ আছিল ; আমি গাড়ীৰ পৰা নামি অলপ আগবাঢ়োতেই তেওঁলোকে আমাক আদৰণি জনালে একোখনকৈ গলবস্ত্ৰ আৰু শিৰবস্ত্ৰেৰে ৷ দুয়োখন বস্ত্ৰই মজলীয়া আকৃতিৰ ক’লা আৰু গুলপীয়া ৰঙৰ চাৰিকোণীয়া পেটাৰ্ণ থকা কাপোৰেৰে তৈয়াৰ কৰা ৷ গলবস্ত্ৰখন দুয়োমূৰে দহিবটা কম বহল মাফলাৰৰ দৰে আৰু শিৰবস্ত্ৰখন অলপ আঁতৰৰ পৰা টুপী যেন লাগে যদিও ওপৰফাল খোলা ৷
উৎসৱথলীৰ ৰেহৰূপ চাই অলপ ঘূৰাপকা কৰিলোঁ, পৰম্পৰাগত চিংফৌ পোছাক পৰিধান কৰি দলবান্ধি অহা ছোৱালীকেইগৰাকীমানৰ সৈতে ফটো উঠিলোঁ আৰু তাৰপিছত উৎসৱৰ অফিচ চাংঘৰটোত সোমালোগৈ ৷ ইতিমধ্যে দুপৰীয়াৰ ভাতখোৱাৰ সময় হোৱাত অধিকাংশ নিমন্ত্ৰিত লোকেই অফিচৰ পৰা গৈ ভোজৰ বাবে সজা দীঘল চাংঘৰটোত সোমাইছেগৈ ; আমাকো আহাৰ গ্ৰহণৰ বাবে মতাত অমিয়ং আৰু আন দুজনমানে আমাক তালৈকে আথে-বেথে লৈ গ’ল ৷ ভোজঘৰটোৰ গোটা বাঁহ একগোট কৰি সজা মজিয়াত পাৰি দিয়া হৈছে বেঁতৰ পাটি আৰু খোৱাঠাইত আসনৰ বাবে পাতি দিয়া হৈছে দুশাৰী গদী আৰু এশাৰী সৰু ঢাৰি ৷ বিশিষ্টলোকসকলক মুখামুখিকৈ পতা দুশাৰী গদীৰ আসনত বহুৱালে ৷ চিকচিকীয়া সুমথিৰা-ৰঙা ৰঙৰ চিংফৌ পৰম্পৰাগত পোছাকত উপৱিস্ত এগৰাকী ব্যক্তিৰ কাষতে আমাক বহুৱাই চিনাকি কৰি দিলে – “এখেত আমাৰ চিংফৌসকলৰ পৰম সন্মানীয় ৰজা ৷ অনুষ্ঠানৰ মুখ্য ব্যক্তি ৷” সন্মুখৰ আসনত উপৱিস্ত দুজন বিশিষ্ট ব্যক্তিৰ সৈতেও পৰিচয় কৰাই দিলে –“এখেতসকলৰ আহোমসকলৰ বুঢ়াগোঁহাই আৰু বৰগোঁহাই, আমাৰ বিশিষ্ট নিমন্ত্ৰিত অতিথি ৷” সেইদৰে আন কেইবাজনো অভ্যাগতৰ সৈতে পৰিচয় হ’লোঁ ৷ অভিৱাদন আৰু প্ৰতিঅভিৱাদনৰ পিছত সকলোকে পানীয় যচা হ’ল – প্ৰত্যেকে নিজৰ ৰুচি অনুসাৰে ল’ব পৰাকৈ পৰিৱেশন কৰিলে পৰম্পৰাগত পানীয় , হুইস্কি, কোলা আৰু আন ঠাণ্ডা পানীয় ৷ লগে লগে কৌপাতত পৰিৱেশন কৰিলে দুপৰীয়াৰ আহাৰ – টোপোলা ভাত, দালি, দুবিধমান সিজোৱা পাচলি, পৰম্পৰাগত পদ্ধতিৰে তেল-মছলা নিদিয়াকৈ ৰন্ধা কুকুৰাৰ মাংসৰ জোল, স্থানীয় পদ্ধতিৰেই থুপথুপীয়াকৈ ৰন্ধা গাহৰিৰ মঙহ আৰু ম’হৰ মাংস আৰু দগদগীয়া খৰিৰ জুইত সেকা মাছ ৷ গাহৰিৰ মঙহ আৰু ম’হৰ মাংসৰ বাদে মই আন কেইবিধ ব্যঞ্জন পাতত ল’লোঁ ৷ ৰজাই এগৰাহ মুখত দিয়াৰ পিছত আনসকলে খোৱা আৰম্ভ কৰিলে ৷ মই সেই অঞ্চলত বিভিন্ন কামত ঘূৰাপকা কৰোঁতে চিংফৌ, খামটি আৰু ফাকিয়ালসকলৰ পৰম্পৰাগত খাদ্যসম্ভাৰৰ সৈতে তেওঁলোকৰ পদ্ধতিৰে তেল-মছলা নিদিয়াকৈ ৰন্ধা কুকুৰাৰ মাংসৰ জোলৰ সোৱাদ কেইবাবাৰো লৈছোঁ আৰু প্ৰতোকবাৰেই তৃপ্তিৰে খাইছোঁ , পিছে সেই ভাতসাঁজত পৰিৱেশন কৰা সেকা মাছৰ সোৱাদ মই জীৱনত পাহৰিব নোৱাৰিম ৷ কুঁহি মাছৰ সমান দীঘল কিন্তু অলপ চেপেটা পাহাৰীয়া নদীৰ মাছ একোটাৰ পেটু গুচাই চাফা কৰি মাছটোৰ ওপৰত আদা, নহৰু, কেঁচা জলকীয়া আৰু কেইবিধমান বনপাত একেলগে বটি তৈয়াৰ কৰিলোৱা মিশ্ৰণৰ পাতল লেও দি কিছুসময় ৰাখি পিছত শলাত ভৰাই জুইত সেকি তিনিডোখৰকৈ কাটি গৰমে গৰমে পৰিৱেশন কৰিছে ৷ কি অপূৰ্ব সোৱাদ , মই লোভ সামৰিব নোৱাৰি খুজি খুজি কেইবাডোখৰো খালোঁ ৷ জুইশালখন খোৱা ঠাইৰ ওচৰতে , তাত মাছ সেকি থকা মানুহগৰাকীয়ে সৰু মাতেৰে মোক ক’লে বোলে আপুনি খাই ইমান ভাল পাইছে কিন্তু মাছ বেছি নাই কাৰণ এই মাছবিধ পোৱা টান ৷ তাকে শুনি খোৱা সামৰিলোঁ ৷ ৰজায়ো তৃপ্তিৰে খাই প্ৰশংসা কৰিলে আৰু তেখেত উঠাৰ লগে লগে আনসকলো উঠিল ৷ হাতমুখ ধোৱাৰ পিছত কমিটিয়ে আমাৰ তিনিওকে বাঁহৰ কামি আৰু বেঁতৰ চেঁচুৰে সজা খাপত ভৰোৱা একোখনকৈ দাৰে সম্বৰ্ধনা জনালে , লগতে দিলে SHAPAWNG YAWNG MANAU POI উৎসৱৰ একোটি সুন্দৰ স্মাৰক আৰু নৱবৰ্ষ উপলক্ষ্যে উলিওৱা চিংফৌসকলৰ কেলেণ্ডাৰ ৷
উৎসৱথলীৰ আহলবহল পথাৰখনত ইতিমধ্যেই আৰম্ভ হৈছে নাচ; নৃত্যথলীৰ মাজভাগত এখন খোলা মঞ্চ, সেই মঞ্চত বেছ ডাঙৰকৈ সজা হৈছে ধনেশপক্ষীৰ মূৰ, পাখি আৰু নেজৰ চিহ্ন সম্বলিত চিংফৌসকলৰ জাতীয় প্ৰতীক ৷ সেই প্ৰতীক আমাক দিয়া স্মাৰক আৰু কেলেণ্ডাৰতো অঙ্কিত কৰা হৈছে ৷ মঞ্চত থিয়হৈ এদল ডেকা-গাভৰুৰে কিবৰ্ড আৰু ঢোলবাদ্যৰ সৈতে সঙ্গতি ৰাখি গোৱা গীতৰ তালে তালে অসংখ্যলোকে শাৰী বান্ধি পথাৰখনত নাচিছে ৷ অনেকে পথাৰৰ চৌপাশে ৰৈ নাচ উপভোগ কৰিছে ৷ ৰজা আৰু অভ্যাগতসকলক বাঁহৰ ওখ চাঙত সজা গেলেৰীত চোফা আৰু চকীত বহুৱালে ৷ আমিও তাতে বহি ৰজাজনৰ সৈতে দুই-এষাৰ কথা পাতি নাচ উপভোগ কৰিবলৈ ধৰিলোঁ ৷ নাচত ভাগলোৱাসকলে দুটা শাৰীত ভাগ হৈ নাচিছে, নাচত দুয়োশাৰী মানুহ আগলৈ গৈ থাকে ; কিন্তু মানুহৰ সংখ্যা সৰহ হোৱা বাবে শাৰীদুটা পোন নকৰি অকোৱা-পকোৱা কৰি লোৱা হৈছে ; তেনেকৈয়ে মাজে মাজে শাৰী দুটাই ইটোৱে সিটোক কটাকটিও কৰিছে ৷ মাজে মাজে কিছু লোক শাৰীৰ পৰা ওলাই পথাৰৰ কাষত এপাক হ’লেও নাচিবলৈ আশাপালি থকা সকললৈ ঠাই উলিয়াই দিয়ে ৷ নাচত ভাগলোৱাসকলৰ অনেকে উৎসৱ উপলক্ষ্যে পৰম্পৰাগত পোছাক পিন্ধিছে যদিও অনেকে আধুনিক পোছাকেই পৰিধান কৰিছে ৷ লক্ষ্য কৰিলোঁ যে দু্যোটা শাৰীৰ প্ৰথম দুজন ব্যক্তিয়ে ওখ আৰু জোঙা টুপীৰে সৈতে বিশেষ ৰঙা আৰু নীলা ৰঙৰ পৰম্পৰাগত পোছাক পিন্ধি আৰু হাতত দণ্ড লৈ নাচিছে আৰু আনসকলে তেওঁলোকক অনুসৰণ কৰিছে ৷ কমিটিৰ লোকসকলৰ সৈতে কথা-বতৰা পাতি গম পালোঁ যে সেই ব্যক্তিকেইজন চিংফৌসমাজৰ আগশাৰীৰ পুৰোহিত স্থানীয় লোক ; তেওঁলোক আহিছে চীনদেশ আৰু ব্ৰহ্মদেশৰ (ম্যানমাৰ)পৰা ৷ আমাৰ দেশত চিংফৌসকলৰ বহুযুগ আগতে প্ৰৱজিত এটি সৰু ঠালহে আছে আৰু তেওঁলোকৰ জনসংখ্যা দহ হাজাৰমানহে হ’ব ৷ চীনদেশৰ দক্ষিণ অঞ্চল আৰু তাৰে সীমামূৰীয়া ব্ৰহ্মদেশৰ (ম্যানমাৰ)উত্তৰাংশত চিংফৌ জনগোষ্ঠীয়সকলৰ মূল বসতি ৷ তাত তেওঁলোকৰ জনগোষ্ঠীৰ নাম জিংফৌ ৷ ম্যানমাৰত জিংফৌসকলৰ জনসংখ্যা দহ এঘাৰ লাখমান আৰু চীনদেশত দুই কি তিনি লাখ ৷ জিংফৌ আৰু আমাৰ চিংফৌসকল মূলতে বৌদ্ধধৰ্মীয় ; ইন্টাৰনেটত পোৱা তথ্যমতে থেৰাবাদ পন্থাৰ ৷ SHAPAWNG YAWNG MANAU POI উৎসৱলৈ চীনদেশ আৰু ম্যানমাৰৰ একে জনগোষ্ঠীয়সকলক নিমণ্ত্ৰণ কৰা হ্য় আৰু চৰকাৰৰ বিশেষ ব্যৱস্থাৰে দুয়োখন বিদেশী ৰাষ্ট্ৰৰ পৰা কেইজনমানে আহি উৎসৱত অংশগ্ৰহণ কৰে ৷ হয়তো মণিপুৰৰ টামো গেটেৰে আহে ৷
এনেকৈ নাচ চাই কথাপাতি থাকোঁতে গেলেৰীত বহি থকা অতিথিসকললৈ নাচত ভাগ ল’বৰ বাবে নিমন্ত্ৰণ আহিল ৷ কেইজনমানে আগতেই গৈ নাচত অংশ লৈছে ৷ ইফালে-সিফালে কেইবাবৰো চাই নিমন্ত্ৰিত বুঢ়াগোঁহাই আৰু বৰগোঁহাইক দেখা নাপালোঁ ৷ তেওঁলোকৰ পৰা মোৰ জানিবৰ মন আছিল চিংফৌ আৰু গোভাসকলৰ দৰে আহোমসকলৰ পৰম্পৰাগত স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াৰে ৰাজপৰিষদৰ বিষয়ে ৷ ৰজাজনে আগবেলা নাচৰ আৰম্ভনিত নচা বাবে আকৌ নাচিবলৈ মন নকৰিলে ৷ আমি তিনিজনেই আমাক দিয়া দা কেইখন লৈ গেলেৰীৰ পৰা নামি নাচৰ শাৰীত সোমালোগৈ ৷ দাখন খাপৰ পৰা উলিয়াই সোঁহাতৰ মুঠিত ওপৰমুৱাকৈ ল’লো আৰু মোৰ আগৰ মানুহ কেইজনক অনুসৰণ কৰি হাতৰ সৰুগাঁঠি এবাৰ ইফালে এবাৰ সিফালে পকাই গানৰ তালে তালে দাখন থিয়ৈ থি্য়ৈ ইফাল সিফালকৈ ঘূৰালোঁ; তাৰ লগে লগে গানৰ তালে তালে খোজ আগবঢ়ালোঁ গাটোও এবাৰ ইফালে এবাৰ সিফালে হলাই ৷ প্ৰাৰম্ভিক সঙ্কোচ আঁতৰি যোৱাৰ পিছত মোৰ নাচি ভাল লাগিবলৈ ধৰিলে ৷ কোনেও কালৈকো ভ্ৰূক্ষেপ কৰা নাই , প্ৰত্যেকে মাথো গানৰ তালে তালে নাচত মগ্ন , কোনো কোনোৱে নাচি নাচিয়েই মঞ্চৰ গায়কসকলৰ লগে লগে গানটো গাইছেও ৷ দুই কি তিনিশাৰী কথা পুনৰাবৃত্তি হৈ থকা যেন লগা গানৰ কথাখিনি মই একো বুজি নাপালেও গীত আৰু নৃত্যৰ ছন্দত মনটো মুকলি হৈ পৰিল ৷ চকুযোৰ আধা জপাই মই অন্তৰেৰে সেই গান আৰু নৃত্যৰ মাধুৰ্য্য উপভোগ কৰিবলৈ ধৰিলোঁ ৷ সঙ্গীতৰ আন অঙ্গবোৰৰ দৰেই আনন্দ প্ৰকাশত আৰু ধ্যানস্থ হোৱাত নৃত্যৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ কিছুদিনৰ আগতে Art Of Living-ৰ দুলিয়াজান কেন্দ্ৰৰ এটি এসপ্তাহজোৰা অনুষ্ঠানত ভাগ লৈছিলোঁ ; তাত এদিন মুনিচুনি বেলিকা কম স্বৰত বজোৱা এটি গীতৰ মূৰ্চনাৰ সৈতে সকলো অংশগ্ৰহণকাৰীকে চকুমুদি নাচিবলৈ দিছিলে প্ৰায় অন্ধকাৰ পৰিৱেশত ; প্ৰথমতে ইতঃস্তত কৰিলেও সকলোৱে নাচিলে ৷ কোনেও কালৈকো নোচোৱাকৈ আত্মমগ্ন হৈ নাচি থাকোঁতে মোৰ লাহে লাহে আন এখন জগতত সোমাই পৰা যেন লাগিছিল ; মনটো আচৰিত ধৰণেৰে মুকলি আৰু চিন্তশূণ্য হৈ পৰিছিল , সময়ৰ জ্ঞান যেন হেৰাই গৈছিল ৷ নাচি থাকোতে তেনে এক অনুভূতি হোৱা বুলি পিছত প্ৰতিজনেই কৈছিল ৷ Osho-ৰ মাৰ্গতো নৃত্যক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে ৷ চুফী সন্যাসীসকলেও চকুৰে নেদেখা কিন্তু সৰ্বত্ৰ অনুভূত হোৱা পৰমশক্তিৰ সৈতে একাত্ম হবলৈ নৃত্য আৰু গীতৰ সহায় লয় ৷ আমাৰ জাৰিও সেই পৰ্য্যায়ৰেই ৷ ভাৰতৰ প্ৰতিটো শাস্ত্ৰীয় নৃত্যই পৰমাত্মা পৰমেশ্বৰৰ প্ৰতি সমৰ্পিত হোৱা ভাৱনাৰ পৰাই ৰূপ পাইছে ৷ লোকগীত আৰু লোকনৃত্যসমূহৰো মূল আধাৰ ভগৱৎ প্ৰীতি, আধ্যাত্মদৰ্শন, প্ৰকৃতিৰ বন্দনা, প্ৰেম আৰু আনন্দ প্ৰকাশ ৷
নৃত্যৰ আমেজত ডুবি থাকোঁতেই কৰ্মকৰ্তা এজনে আহি গেলেৰীত চাহ একাপ খাবলৈ মাতিলে ; অপেক্ষাৰত কেইজনমানলৈ ঠাই এৰি দি আমি নাচৰ শাৰীৰ পৰা ওলাই আহিলোঁ ৷ ঘড়ী চাই দেখোঁ যে পঞ্চল্লিচ মিনিট সময় নাচিলোঁ কিন্তু ভাগৰ নালাগিল ৷
বৰ্তমান সংখ্যাগত হিচাবত তেনেই সৰু জনগোষ্ঠী হ’লেও আহোমসকলৰ শাসনৰ সময়ৰে পৰা এতিয়া অসম আৰু অৰুণাচলৰ যিখিনি অঞ্চলত তেওঁলোকৰ বসতি, প্ৰায় সেইখিনি অঞ্চল সামৰি চিংফৌসকলৰ এখন ৰাজ্য আছিল ৷ আহোমসকলৰ ৰাজত্ব শেষলৈ শিথিল হৈ পৰা সময়ত তেওঁলোক স্বাধীনভাৱেই চলিছিল কিন্তু কাষৰীয়া আন জনগোষ্ঠী মটক, খামটি, চুতীয়া আদিৰ সৈতে সদ্ভাৱ ৰাখি চলিছিল ৷ ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত অসমক বৃটিছৰ হাতৰ পৰা মুক্ত কৰাৰ বাবে চলা সংগ্ৰামৰ সময়ৰ চিংফৌসকলৰ মাজতো বৃটিছবিৰোধী বিদ্ৰোহৰ উকমুকনি উঠিছিল ৷ ১৮৩০ চনত পিয়লি ফুকন, ধনঞ্জয় বৰগোঁহাই আদিৰ নেতৃত্বত আৰম্ভ হোৱা বৃটিছবিৰোধী বিদ্ৰোহত যোগ দি চিংফৌসকল যুঁজৰ বাবে সাজু হৈছিল ৷ কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ চতুৰালি আৰু উন্নত বন্দুক-বাৰুদৰ আগত থলুৱাসকল অতি সহজেই পৰাভূত হ’ল ৷ বুৰঞ্জীয়ে কয় যে দুঃসাহসী বৃটিছ অভিযাত্ৰী ৰবাৰ্ট ব্ৰুছে অসমৰ হাবিয়ে-বনে বনৰীয়াকৈ গজি ডাঙৰ হোৱা চাহগছ দেখা পাইছিল কিন্তু সেয়া চাহগছৰেই এটা প্ৰজাতি বুলি অনুমান কৰিলেও তেওঁ নিশ্চিত হ’ব পৰা নাছিল ৷ তেওঁ তাৰবাবে কাষ চাপিছিল চিংফৌসকলৰ ৰজা বিচা গামৰ ৷ তেওঁক বিচা গামেই দেখুৱাইছিল সেই গছৰ পাত বাঁহৰ চুঙাত খুন্দি ৰাখি কিদৰে চিংফৌসকলে পানীত উতলাই পানীয় হিচাবে ব্যৱহাৰ কৰে ৷ সেয়াই অসমত চাহখেতিৰ সূত্ৰপাত ৷
এইদৰে খুচৰি থাকিলে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ কত সোনসেৰীয়া কথা ওলাই পৰে, প্ৰত্যেকটো জনগোষ্ঠীৰে ভাষা-সংস্কৃতিৰ কিমান আপুৰুগীয়া তথ্য জনা যায় ৷ পশ্চিমৰ গোৱালপাৰাৰ সংস্কৃতিৰ পৰা পূবৰ চিংফৌ, মটক, খামটি আদি জনগোষ্ঠীৰ সংস্কৃতিলৈকে আমাৰ অসমখনত কিমান যে বিবিধতা ৷ ইমান বিচিত্ৰ জনগোষ্ঠীৰ সামিলমিলেৰে অনন্য অসম, অনন্য অসমৰ সংস্কৃতি ৷ আন আন বিষয়ৰ লগতে পাৰ্য্যমানে অসমৰ বৈচিত্ৰময় সভ্যতাৰ সম্যক জ্ঞান আহৰণ কৰাতো প্ৰত্যেকজন অসমীয়াই গুৰুত্বপূৰ্ণ বিষয় বুলি অনুধাৱন কৰাতো অত্যন্ত প্ৰয়োজনীয় ৷ ভাষা-সংস্কৃতি জীৱনধাৰণৰ শৈলীৰে অবিচ্ছেদ্য অঙ্গ; জীৱনধাৰণৰ শৈলী যিহেতু স্থৱিৰ নহয় সেয়ে ভাষা-সংস্কৃতিও স্থৱিৰ নহয়--বোৱতী নদীৰ দুপাৰৰ দৰে চিৰ পৰিৱৰ্তনশীল ৷ আধুনিকতাৰ চাপৰ পৰা ভাষা-সংস্কৃতিক আচুতীয়াকৈ নিলগাই ৰখা অসম্ভৱ – যিদৰে SHAPAWNG YAWNG MANAU POI-ত গোৱা গীতত পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে আধুনিক ইলেকট্ৰনিক বাদ্যযন্ত্ৰও বজোৱা হৈছে , যিদৰে বিহুৰ চৰিত্ৰ সলনি হৈছে ৷ আমাৰ সৰুকালৰ বিহু উদ্যাপনতকৈ এতিয়াৰ বিহু উদ্যাপন অনেক পৰিবৰ্তিত ; কিন্তু আমিতো ডাঠি ক’ব নোৱাৰোঁ যে আমি সৰুকালত পালন কৰা বিহু পৌৰাণিক বিহুৰ অবিকল ৰূপ আছিল ৷ সময়ৰ লগে লগে পৰিবৰ্তনক মানি ল’বই লাগিব কিন্তু ভাষা সংস্কৃতিত বিজতৰীয়া প্ৰভাৱৰ আগ্ৰাসন আৰু বিকৃত পৰিবৰ্তনক মাৰবান্ধি বাধা দিব লাগিব ৷
বেলি পৰিবলৈ অলপ সময় থাকোতে সকলোৰে পৰা বিদায় লৈ প্ৰদৰ্শনীথলীত এভূমুকি মাৰিলোঁ ৷ নানান সামগ্ৰীৰ লগতে কেইবাখনো বিপনীত বাৰ্মিজ বুলি কোৱা নানা ৰঙৰ সৰু-বৰ পাথৰ দেখিলোঁ, সেই পাথৰবোৰৰ দামো যথেষ্ট ৷ সেইবোৰ হয়তো ম্যানমাৰৰ কোৱাৰ্জকে ধৰি বিভিন্ন মাণিকৰ খাদৰ পৰা সংগ্ৰহ কৰা ৷ প্লাষ্টিকৰ ফিটাৰে গোঁঠা ৰঙীন বেগ এখন ভাললগাত কিনি ল’লোঁ ৷ সেইখন লৈ আজিও বজাৰলৈ গ’লে ইমান ধুনীয়া অথচ কামত অহা বেগখন ক’ত পালোঁ বুলি অনেকেই সোধে ৷
উৎসৱথলীৰ পৰা ট্ৰেফিক জাম পাৰ কৰি কিছু আগুৱাই লাথাও গাঁৱত চুকুংতাৰ ঘৰ পালোগৈ ৷ তাতে তেওঁৰ দেউতাকৰ সৈতে যত্নেৰে সজা আধুনিক চাংঘৰৰ পৰ্টিকত বহি ঘৰতে তৈয়াৰ কৰা পাতৰ একাপ গ্ৰীণ টিত শোহামাৰি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ ৷
SHAPAWNG YAWNG MANAU POI-ত আমাৰ অলপ সময়ৰ উপস্থিতি আৰু নিসংকোচ মিলামিচাই স্থানীয়লোকসকলৰ মনত আমাৰ লগতে আমাৰ কোম্পানীৰ প্ৰতিও সদ্ভাৱ বঢ়োৱাত নিশ্চয় অকণমান হ’লেও অৰিহনা যোগালে ৷ আবতৰীয়া বৰষুণে সৃষ্টি কৰা আহুকালৰ মাজতো সকলোৰে সহযোগত আমি নোৱাদিহিং নদীৰ বুকুৰ তলেৰে পৰিকল্পনামতেই পাইপলাইনডাল বহুৱাব পাৰিলোঁ ৷